পখিলা পাখিত ইমান ধুনীয়া
কত বৰণীয়া
সোণালী
ৰূপালী
দীপালী আখৰেৰে
মোলৈ তই লিখি আছ চিঠি
ইমান মৰমেৰে ৷
বুজিলে তই খং কৰিলেও
মৰমতেই কৰ
তোৰ খঙতো জ্বলে ৰূপহ ছবি
সৌন্দৰ্য্যতেই আন এটা ৰূপ ধৰ ৷
সেইহে মই সদায়ে তোৰ কৱি
তোৰ খঙতো জ্বলে ৰূপহ ছবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment