অনুসন্ধান আকাংক্ষাত

Thursday, July 12, 2012

বিজুলি বাঁতিৰে চাকি জ্বলোৱা



বিজুলি বাঁতিৰে চাকি জ্বলোৱা     

                   কোঠাত কৰিলি কি ?

পঢ়িলি, শুনিলি, জানিলি, বুজিলি

          আৰু নতুনৰ সৃষ্টি কৰিলি যি ?

বিজ্ঞানৰ তই ফুল পাতেৰে

                    সজালি ফুলৰ দানি

          নৱজীৱনৰ এই প্ৰকাশক

                   আপুনি লৈছোঁ মানি

          বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম

অনুবীক্ষণৰ থাপনাতেই

          সুন্দৰকেই বহি থকা পাম

          বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলৈ যাম ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ২৭/০৯/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: