অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মৌমাখিয়ে মৌ বিচাৰে



মৌমাখিয়ে মৌ বিচাৰে

          ফুলৰ চুপহিৰ

মই বিচাৰোঁ অমিয়া মৌ

          বিশ্বৰূপহীৰ ৷



মই খন্তেক জ্বলা অনুপখিলা

দুদিনলৈ আহিলোঁ মই

          পাতিলোঁ মই মেলা,

ৰূপৰ ৰসৰ গন্ধ গানৰ খন্তেকীয়া খেলা

          ধূলি ধেমালিৰ বেলা ৷



মোৰ পখিলা পাখিত

          সৰু সৰু, জোন বেলি তৰা

                   পৃথিৱী পোহৰ কৰা

          ফুৰ্‌ ফুৰ্‌ কৈ উৰি উৰি.... ঘূৰি ঘূৰি ঘূৰি,

                   মৌ বিচাৰো অনন্ত পাহিৰ

                             তোৰ পাৰ নোপোৱা হাঁহিৰ ৷



চকুপানী টুকি টুকি

          তোৰ ফুলনিত মাৰোঁ উকি

          বিননি মোৰ বিনাই বিনাই

                   চিৰ বিৰহীৰ

          মই বিচাৰোঁ অমিয়া মৌ

                   বিশ্ব-ৰূপহীৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ০১/১০/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: