মোৰ সপোন যদি
ব্যৰ্থতাত
ফুলে
মোৰ আশা যদি মৰীচিকা হৈ ফুৰে
মোৰ জীৱনৰ ভুলে ভুলে
মোৰ সপোন যদি ব্যৰ্থতাত ফুলে ৷
মই লিখা গানে যদি নকয় একো
কথা
মই ৰচা এই সুৰাৱলীত
জ্বলি নুঠে ব্যথা
মোৰ ছন্দ যদি মৌন হৈ
কৰে অভিমান
তেন্তে সেই, ব্যৰ্থ দানৰেই
কৰি যাম অব্যৰ্থ সন্ধান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২৩/০৯/১৯৪১)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment