ফুলৰ লগত কথা পতা
অকণি ছোৱালীজনী
তোৰ হাঁহিত সৰে
মুকুতা মাণিক
চকুত জ্বলে মণি ৷
ৰাতিপুৱাৰ সোণপোহৰে
ফুলৰ পাহিৰ ৰঙা চোতালত বহি
তোক কি ক’লে
নতুন কথা
আহ অ’ মোক ক’হি
সুন্দৰ অহাৰ আগজাননী
কিবা দিলেনে তোক
পোহৰৰ যুগ আহিব কেতিয়া
কিবা ক’লেনে
কৈ যা, কৈ যা মোক ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment