মোৰ
ফিৰিঙতি পৰি
জনতাৰ গোসাঁই ঘৰত
নুনুমালে
থাপনাত চাকি জ্বলালে ৷
মোৰ
জিলিকনি পৰি
জনতাৰ পদুম বনত
নুলুকালে
নুফুলা শত শত
কলি ফুলালে ৷
দুয়ো
মিলি কপালত
ৰামধেনু আঁকিবলে’
পোহৰ তুলি
বুলালে ৷
নতুন সপোনৰে মন ভুলালে
নতুন দিঠকৰে প্ৰাণ উটালে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment