অনুসন্ধান আকাংক্ষাত

Saturday, July 21, 2012

মোৰ গানলে’ বসন্ত আহে



মোৰ গানলে বসন্ত আহে

                পৃথিৱীৰ যত নুফুলা ফুলে

                             মিচিক মিচিক হাঁহে

                মোৰ গানলৈ বসন্ত আহে ৷


মোৰ গানত জাগে

                গন্ধ বনৰ অন্ধ নিজৰা

মোৰ গানতে সুমন্দ্ৰিত

                নতুন দিনৰ বজ্ৰবতৰা

মোৰ গানতে আন্দোলিছে

                সাত সাগৰৰ তেৰ নদীৰ ঢৌ

লিখা নিলিখা কোটি কবিতাৰ

                অমিয়-মাধুৰী মৌ

মোৰ গানত বয়, মন্দ-মৃদু মলয় সমীৰণ

                মোৰ ছন্দত জাগে, চাকনৈয়াৰ ঘূৰ্ণী ভয়ঙ্কৰ

                মোৰ ভাবত জাগে বা মৰলী উন্মাদ ক্ষয়ঙ্কৰ 

মোৰ গানত জ্বলে চক্ৰ সুদৰ্শন

                দুষ্কৃতি নাশি, কৰি যাবলৈ ধুনীয়া পৃথিৱীখন ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ২৮/০৮/১৯৪৯)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: