সৰা শেৱালিৰ মাজতে পৰিলে
গোলাপৰ ৰঙাপাহি
বতাহত উৰি আহি
আটকধুনীয়া বগী ছোৱালীৰ
ওঁঠত ৰাঙলী হাঁহি ৷
শেৱালি গোন্ধে বিয়াকুল কৰে
তীব্ৰ বাসনা জাগে
ৰঙা গোলাপৰ সুৰভি মাদকে
কামনা ৰন্ধিলে নৱৰাগে ৷
হীৰা জেউতিকো জিনা পোহৰে
বেলিৰ কোলাৰপৰা
প্ৰথম পুৱতি আহি তাতে হাঁহি
ৰচিলে সৌন্দৰ্য্য
পৃথিৱী মুগুধ কৰা ৷
শেৱালিৰে মালা খোপাতে
পিন্ধিলোঁ
গোলাপক আঁৰিলো বুকুত
বেলি সেৱা কৰি
পোহৰৰে ফোঁট
পিন্ধি ললোঁ কপালত ৷
এই যে পৃথিৱী ইমান ধুনীয়া
প্ৰাণটোকে ভাল পাওঁ
পোহৰ চকুত পৰিলেহে আহি
স্বৰূপতে দেখা পাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৮/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment