বিহু গামোচাতে
আচুৰে নাবাছি
গুণাৰে বাছিলি ফুল
জীৱনত লগালি কিনো সেন্দুৰীয়া
কিনো আপদীয়া ভুল ৷
ফুলতে বাছিলি
তোৰে পদুম চকু
দেখি মোৰ হেন্দোলে বুকু
হাঁহিৰে বোলোৱা সূতাৰে
বোলোৱা
চলালি মৰমৰ মাকো ৷
ফুলাম গামোচাৰে ব’লি
অ’ লখিমী
যাউতিযুগীয়া
প্ৰাণৰে সাঁকো ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment