মোৰ প্ৰথম গানৰ
প্ৰথম শাৰীৰ সুৰে
আজিও
নিখিল বিশ্বভুৱন
তোক বিচাৰি ফুৰে ৷
তৰাৱলীৰ বাটে বাটে ঘৰে ৷
কোন
দূৰণিৰ
কোন
ঘূৰণিৰ
চাকনৈয়াত
তাৰ
শেষ হ’লগৈ শেষ
নোহোৱা
বিচৰা অপাৰ ?
মোৰ
আজিৰ গানে
তাক বিচাৰি যাব,
তোকো বিচাৰি যাব,
তই থাকোতে মোৰ ওচৰত
আঁতৰি গৈ
ক’তো
নাপাব
অ’তো নাপাব
ত’তো
নাপাব ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
৩০/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment