বন্ধু সুন্দৰ,
তোৰ
পদুমফুলীয়া
চৰণ পাহিত
মোৰ অগ্নি বেজাৰৰ
যেতিয়া থলোঁ
মোৰ দুটোপা
হীৰা উজালা
তপত
চকুপানী,
তোৰ মহামৌন ওঁঠ দুখনিৰ
বিশ্বমোহন হাঁহিৰ
অগ্নিবৰণ
দিলি মোৰ
বগা কপালত সানি ৷
সেই ইন্দ্ৰধনু পিন্ধি মই
আগবিঢ়িছো বিশ্বসভালৈ
সেই মহাসভাৰ গান ৰচিছোঁ
তোৰ পূজালৈ ৷
বন্ধু সুন্দৰ !!
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; অষ্টমী পূজা,
১০/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment