বোৱাঁ বোৱাঁ দখিণ মলয়া,
তটিনী গোৱাঁ ৷
সমীৰণে আহি পৰাণ জুৰালে
আ..হা ৷
কোন নন্দনত পাৰিজাত ফুলে
বিলাই সুৰভি বিয়াকুল কৰে ৷
কোন তটিনী বয়, কুলু কুলু কুলু
কুলু কুলু কুলু
কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি, নিজৰি
কোন সুৰে
গান গাই ৷
প্ৰাণ মতলীয়া কৰা আলসুৱা ই
কিনো মায়া,
ই
কিনো মায়া ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment