অনুসন্ধান আকাংক্ষাত

Thursday, July 12, 2012

বসন্ত তোৰ লেখনীডালি



বসন্ত তোৰ লেখনীডালি          
    
          মোক দি যাবি জানো ?

সেই লেখনীৰে ভাষা ফুলনিত

          অময়া বৰণ সানো ৷


পৃথিৱী পুঠিৰ

যুগৰ পাতত

          তই যে আঁক ছবি

ভাষাই ভাষাই ৰূপ চৰোৱা

          মই যে নতুন কবি,

মোৰ লেখনীত তোৰ লেখনীৰ

          স্বৰূপ প্ৰকাশ পাওক

নেদেখা আৰু দেখা কৰিব

          জগতেই গান গাওক ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: