মোৰ
মনত আছিল
নেদেখা
ছবিটি তোৰ
প্ৰাণত
আছিল
নোগোৱা
গানটো মোৰ
বনত
আছিল বসন্ত
অপ্ৰকাশত ৰৈ
অৰূপত
থকা অৰ্বুদৰূপে
ভুৱনে ভুৱনে ভ্ৰমি ফুৰিছিলে
ৰূপটি পাবলৈ ৷
এই
বিশ্বজোৰা অপ্ৰকাশৰ
মহা বেদনাই
বলিয়া কৰিলে প্ৰাণ
সেইহে আজি উদ্বাউল হৈ
উথলি উঠিছে গান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment