মাছমৰীয়াৰ গাঁওখনিত
কোন ছোৱালী আছ ?
বাঁহৰ আগৰ জিলিকনি
ন পোহৰৰ বিৰিঙনি
গণি পঢ়ি
ন দিনীয়া তাঁতৰ পাতত
কিনো ফুল বাছ ?
তাত কি লিখিছ মই নজনা ভাষা
তাত কি আঁকিছ মই নজানা আশা
মই লিখা মোৰ নতুন গানৰ
সুৰৰ চানেকি
তোৰ নতুন মনৰ
নতুন দিনৰ
বিহুৱানত দিছোঁ আঁকি-বাঁকি
সেই চানেকিৰ ফুলটো বাছি
গোসাঁই ঘৰৰ... থাপনাতো
মোৰ গানৰে জ্বলাবি চাকি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৭/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment