নৱ জন-জীৱনৰ শিল্পী জাগ অ’
নৱ
মন কিৰণৰ শিল্পী জাগ অ’
মোৰ মনে
মোৰ প্ৰাণে জাগ অ’
মনীষাত প্ৰতিভাত
জাগ জাগ অ’
তয়ে পৃথিৱীৰ আধাবুজা
মোৰে মন সিজা ৷
তয়ে জনবৃদ্ধ
তয়ে গণবৃদ্ধ
অভিনৱ জ্ঞানৰে
জনতাপ্ৰবুদ্ধ
সাৰ্থক কৰ আজি
জাগ্ৰত জনতাৰ
মুক্তিকামী
জয়যুদ্ধ ৷
এহাতেৰে গাণ্ডীৱ
সংহাৰ
অস্ত্ৰ
হবি
সশস্ত্ৰ
পিন্ধি নৱ নৱ বস্ত্ৰ
এহাতৰে কৰি
যাবি
বিকাশ
কমলৰে
চিৰসুন্দৰৰ
পূজা
তয়ে পৃথিৱীৰ আধাবুজা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ২৭/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment