অনুসন্ধান আকাংক্ষাত

Thursday, July 12, 2012

বনৰ পখিলা ধৰা



বনৰ পখিলা ধৰা

          বন ছোৱালী

তোক জানো লাগে বাৰু

          মোৰ, মনৰ পাখিলাবোৰ

          আৰু, মন ফুলনিত সৰি থকা

                   মন শেৱালি ?


বনৰ পখিলা খেদি

          বনে বনে যাৱ

          মোৰ বন কবিতাজনী বাৰু 

                   জানো লগ পাৱ ?


তাই তোৰ লগতে ঘূৰি ফুৰি

          তোৰ ছাঁতে জিৰাই ৰয়

মোৰ কোঠালৈ ঘূৰি আহি

          তোৰ মৰমৰ 

বন সাধুটো কয় ৷

বনৰ গোন্ধে বনৰ ৰূপে সিযে বনোময় ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: