অনুসন্ধান আকাংক্ষাত

Friday, July 6, 2012

হে মোৰ সকলো শত্ৰু


হে মোৰ সকলো শত্ৰু

          তোক নমস্কাৰ

তোক বন্ধু ৰূপেহে চাওঁ

তোৰে সতে মোৰ

          সংঘাত লাগি

          মোৰ জীৱনতে

          ধুনীয়া প্ৰকাশ পাওঁ ;

মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ

          শতপাহি বিকশাওঁ ;

তোক বন্ধু ৰূপেহে চাওঁ

প্ৰতি সংঘাতে নতুন শক্তি পাওঁ


তোৰে সতে মোৰ

          সংঘাত লাগি

কণ্ঠত জাগে

          অভিনৱ ওঙ্কাৰ....

তোৰ সতে মোৰ

          সংঘাত লাগি

                   মোৰ ঘানৰ সুৰৰ

          নৱতম ঝঙ্কাৰ

                   হে শত্ৰু নমস্কাৰ !

নিজৰাৰ দৰে মোৰ জীৱনে

          অগ্নি মনে

                   তোৰ, বাধাৰ শিলত

          আঘাত কৰি

                   উফৰি উফৰি পৰি,

শুভ ফেনীল পেখম মেলি

          ফুটন্ত মোৰ প্ৰাণ উজ্জ্বালাই

          গন্ধ-গানৰ ঢৌ তুলি যায়

                   নিতৌ নতুন ৰূপ ধৰি ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: