অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মোৰ ৰাগ, কৰবীৰে পতা লবি পূজা (নাটক : নিমাতী কইনা)



মোৰ ৰাগ, কৰবীৰে পতা

লবি পূজা

চিৰসুন্দৰ ! হে চিৰসুন্দৰ !

তোৰে সুৰেৰে মই

          ৰচিলোঁ কতনা গান

                   বুজা-নুবুজা

                             লবি পূজা ৷



মোৰ যত অভিনৱ গান

বিকশিত কলমৰ গন্ধ সমান

          মনে মনে

সোণোৱালী সপোন-বিভোৰ

সপোনৰো সপোনত

          ছয়াময়া ৰূপ জ্বলে তোৰ

সুৰৰ শতেক ফুলে

চকুৰ লোতক জ্বলে

নবজোৱা সুৰেৰে বাঁহীটি বজা ৷৷

 
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: