পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে
কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত ৷
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ
গুণি গাথি
লেখি
লেখি সেউজীয়া পাত ৷
বনে মইনা সেউজীয়া,
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে
পৰি
মাতিছে মিঠা মিঠা মাত ৷
আমনে জিমনেকৈ
থাকনো তই কিয় ঐ
গালতেনো দিয় কিয় হাত ?
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ হাঁহ ৷
ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰ সতে
জিকিমিকি দুয়ো পাৰি দাঁত ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment