যোৱা কালিৰ কোন ছোৱালী
আজিৰ সভাত আছ’
ন চানেকিৰ মোৰকে নাপাই
ঘূৰাই পকাই
পুৰণিকেই বাছ’
আজিৰ সভাক তুষিবলৈ
মিছাকৈয়ে নাচ’ ৷
আজিকালিৰ কোন ছোৱালী
কালিৰ সপোন দেখা
তোৰ কপালত নতুন দিনৰ
ন জোনটি লেখা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment