মাটি
মাটি
প্ৰাণ
আছে তোৰ
গান
আছে তোৰ
জীৱন থাকে তোৰ কোলাত শুই
সাৰপাই সি পোহৰে যেতিয়া
দিয়েহি আহি
সোণৰ কাঠিৰে চুই ৷
সোণৰ কাঠিৰ পৰশ পাই
ৰূপান্তৰৰ পিয়াহ জাগি যায়
ৰূপৰ পৰা ৰূপ বিচাৰি
মাটি যায়...
স্বৰ্গ ৰচে
নৰক ৰচে
পোহৰ ৰচে
এন্ধাৰ ৰচে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment