বগী ছোৱালী
তই
গাঁৱৰ শেৱালি
ৰূপহী
তই ফুলৰ চুপহি
তোক নুশুভাই
গালৰ
মুখৰ হাড় ওলোৱা
কেবাদিনো
জানো তই ভাত খোৱা নাই ?
ঘৰত গৰু নাই
নীলাম কৰা তোৰ পথাৰত
লোকে হাল বায় ৷
কণ্ঠত
তোৰ গান থাকোতেও
শিকাব যে তোৰ
সুবিধাকেই নাই ৷
পঢ়িবলৈ
মন থাকোতেও
পঢ়াওঁতা নাই
দেশজিলিকা গুণ থাকোতেও
ফুল বাছি তই তাঁত ব’বলৈ
সূতা-গুণা নাই ৷
সেই কাৰণেই দাঁত কামুৰি
আকাশলৈ চাৱ
নেদেখা সেই গোসাঁইজনক
কণা বুলি কৱ ৷
আছে যদিও গোসাঁইজনা.... নাই
থকা হ’লে তোৰনো কিয় এনুৱা বিলাই !
দেশ চলোৱা, সমাজ পতাত
আছে কিবা ভুল
সেইহে তই বজাই যাৱ
বিদ্ৰোহী বিকুল ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৮/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment