অনুসন্ধান আকাংক্ষাত

Sunday, July 8, 2012

মই গান বিচাৰি


মই গান বিচাৰি     

          কোন দেশলৈ যাওঁ

বিশ্বসুৰৰ ন ৰূপটো

          কত বিচাৰি পাওঁ

          কোন দেশলৈ যাওঁ ?


পুৱাৰ ৰাগে

          গুমৰি কলে

                   সোণ সন্ধিয়াত পাবি

সোণ সন্ধিয়ৰ সুৰে কলে

          তৰা-দেশত চাবি ৷


লাজকিৰীয়া

          গাঁৱৰ সুৰে

                   কলে যাবি দূৰ

বৰচহৰৰ কাৰেঙ ঘৰত

          শুই আছে সেই সুৰ

তিনিও ভুবন চলাথ কৰি চালোঁ

          চকুপানীৰ বুকুত থকা পালোঁ

কৰুণ অৰুণ মৰম পাই

                   জাগিল বীণত

                   জাগিল গানত মোৰ

মনত বনৰ জুই জ্বলোৱা

          মল মলিয়ন ধুই পেলোৱা নবীন বিশ্বসুৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: