মোৰ অগ্নিগানৰ ফিৰিঙতি
সি নতুনৰ জ্যোতিকণাটি
তোৰ কপাল
উফৰি পৰি
উফৰি পৰি
তোৰ, মুখ পোহৰাই নাচে ৷
তোৰ মৰমত
মই যে পমাৰ
সসীম মোৰ এই
অসীম ভূমাৰ
চুমাটি গৈ যাচে ৷
মোৰ অগ্নিগানৰ ফিৰিঙটি
সঞ্জীৱনৰ মন্ত্ৰ মাতি যায়
তোৰ কপালত আলোক-চুমা খায়
কঁপাই
জগাই
তোক শিয়ঁৰাই
ৰাতিপুৱাই পুৱাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment