ৰামধেনুখন আঁকিবলে’
তই আহোঁতে
মইতো দেখা
নাই
মাথো মনে মনে
প্ৰাণে প্ৰাণে
আছিলোঁ
উমান পাই ৷
মই আছে বুলিলেও
তই নাই বুলি জগতখনেই
কয়
মচিব নোৱৰা বিশ্বছবিয়ে
ঘোষিছে তোৰেই জয় ৷
সেইটোকে তোক লাগে
তোৰ প্ৰকাশ দেখিও তোক নেদেখি
মোৰ যেন তোক বিচাৰি বিচাৰি
তোৰ কাৰণে মোৰ হৃদয়ত
বিৰাট মৰম জাগে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১২/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment