নৱজীৱনৰ শিল্পী মই
চিৰ
জীৱনৰ শিল্পী তই ৷
জীৱনে জীৱনে হাঁহি হাঁহি
পাহি জপাওঁ
জন্ম
আঁকো
জীৱন বাঁকো
পাৰ হৈ যাওঁ মৰণ সাঁকো
তোৰ
লগতে থাকিও লগ নাপাওঁ ৷
তোৰ লগত থাকিও, লগ নোপোৱাৰ
খেলা,
ইয়াৰে
মই পাতিলোঁ অ’
বিশ্বজোৰা
মেলা
কত
ৰূপৰ কত সপোন
মোৰ
মনতে ফুলাই
মৰম
গানৰ চৰম অগ্নি
উমাই
উমাই জ্বলায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment