লুইতৰ পাৰৰে আমি ডেকা ল’ৰা
মৰিবলৈ
ভয় নাই
আই
আই আই ৷
মুকুতি মেধৰ মহান মেজিৰ
নেজাল
ফিৰিঙ্গতি চাই
পুৰোহিতো
যদি থিতাতে আঁতৰি
ত্ৰাসতে
মূৰ্চ্ছা যায় ৷
আমি আগে বাঢ়ি
ডিঙি
পাতি পাতি
তেজৰে বলিশাল
যামে
বোলাই ৷
তাহানি লাচিতে
এৰি
থৈ যোৱাৰে
পৰা
জননী তোৰ
দুখে বেজাৰৰে
লঘু
লাঞ্ছনাৰে
আজিও
নপৰিল ওৰ ৷
শত কাপুৰুষ পুৰুষ সহিলেও
আমাৰ
যে নসহে গায় ৷
আমি ডেকা ল’ৰাই
জীৱনপণ কৰিছোঁ
মোহাৰ
চকুলো
অসমী
আই
কলিজাৰ
আই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment