ফুলৰ ছাঁ তই
পাতৰ আঁৰত কিয় লুকাৱ ?
তই বিচৰা পোহৰ দেখি
কিয় লাজ পাৱ
?
পোহৰে তাক
বেলি থাকোঁতে
কি কথা গ’ল কৈ
পোহৰ গলে ৰাতি হলে
মনে মনে তাকে সোধ গৈ
নে কি তাকে সোধ গৈ ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment