লুইত-পৰীয়াৰ গাঁও
তাল’কে মই
গান বিচাৰি
সুৰ বিচাৰি
যাওঁ ৷
লুইতপৰীয়াৰ নাও
তাতে উঠি
বৰ লুইতৰ
সন্ধিয়া পৰৰ
বহল বুকুৰ
সোণ ফিৰিঙটি
ঢৌ নাচনীৰ
হেন্দোলনি চাওঁ
বৰ ভাল পাওঁ ৷
মোৰ হেৰোৱা গানে সুৰে
লুইতপৰীয়াৰ ঘৰে ঘৰে
মই মাতিলে মৰম কৰি
নাহো বুলি ঘূৰি ঘূৰি
লুইতপৰীয়া
বন জোনাকীৰ
মন জোনাকীৰ
পোহৰ বছা
ৰিহাৰ আঁচল ধৰে ৷
নাহোঁ নাহোঁ কৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment