মোৰ সপোনৰ নহয় অ’
সোণালী দিঠকৰ
এইখন জীয়া
ছবি
মই নীলা ডাৱৰৰ
আলাসৰ নহয় অ’
মই
মাটিফুলনিৰ কবি
অতীতৰ মই নোহোঁ প্ৰতিধ্বনি
বুজোতাই
চিনি লবি
মই ভৱিস্যৰ যজ্ঞ জ্বলাই
ঢালো অভিনৱ
হবি
নতুনৰ যত বাটৰুৱা
তোক বাটৰ সমল
এমুঠি
যাচিম
মোৰ
পদূলিত ৰ’বি ৷
মোৰ সুৰ ফটিকাৰ ৰাগীত....উছাহি
ভৱিস্যলৈ, ধুমুহা
বোৱাদি ব’বি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment