পৃথিৱীত থাপিবলে’ শান্তি
ঘৰে ঘৰে জ্বলাবলে’
সমৃদ্ধিৰ বন্তি
সৌন্দৰ্য্যৰে কৰিবলে পৃথিৱী ধুনীয়া ৷
বিশ্বভুবন ঘুৰি
গ্ৰহে গ্ৰহান্তৰে ফুৰি
মানুহৰ ৰূপলৈ
আহোঁ মই
শিল্পী সত্তা... যাউতিযুগীয়া ৷
এই পৃথিৱীলে’
আহোঁ
অশৰীৰী বিশ্বব্যাপী খনিকৰ
পাতিবলে’
লীলা থলী
শান্তি সমৃদ্ধি সৌন্দৰ্য্যৰ ৷
শিল্পীৰ... মানুহৰ এয়ে শেষ
কথা
এই পৃথিৱীৰ জীৱনৰ
মহা আদৰ্শৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment