পুৱতিৰ গানকেই লিখি শেষ
কৰা নাই
সন্ধিয়াৰ গান আহে
মোক লিখ বুলি
মোক লিখ বুলি
লেখনীত ধৰি হাঁহে ৷
ৰবি অ’ সন্ধিয়াৰ গান
তোৰ দেশলৈ যাম
তোক লাখোলাখ চমা
খাম,
ৰাতি তই টোপনি যাবি যেতিয়া
তৰাৰ সভালৈ যাম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment