যিদিনা নবীন সৃষ্টি কৰি
চাই নিজৰেই কাৰিকৰী
চিৰসুন্দৰ মহাশিল্পীয়ে
হাঁহিলে মিচিক মাৰি
সেই ভুৱন ভুলোৱা
মিচিকি হাঁহিয়ে
বসন্তৰ ৰূপ লৈ
লোকে অলোকে ভ্ৰমি ফুৰিছে
অময়া কোঁৱৰ হৈ
নতুন সৃষ্টিৰ শেষৰ বৰণ
সিয়ে সানিবলে’ যায়
চিৰসুন্দৰৰ প্ৰথম হাঁহিটি
ফুলে পাতে বিৰিঙায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১৫/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment