অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মোৰে ভাৰতৰে মোৰে সপোনৰে



মোৰে ভাৰতৰে

মোৰে সপোনৰে

          চিৰ সুন্দৰ সংস্কৃতি ৷



সেউজীয়া বনতে

সেউজীয়া মনতে

          বিকশি প্ৰকাশি উঠা

          নৱ জন-জীৱনৰে অভিনৱ জ্যোতি ৷



আজি শিল্পী-মনৰ প্ৰণতি

আজি শিল্পী প্ৰাণৰ ভকতি

জয় অজেয় আলোকময় বিশ্বৰূপী

অনন্তবিজয়ী

জনগণমন মুকুতি

প্ৰণতি প্ৰণতি ৷৷

 
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: