সৰা শেৱালিৰ বাটে তই নাযাবি
নাযাবি
নাযাবি,
যাবি তই যাবি নেকি ?
যাৱই যদি
এটি ফুলো নুবুটলিবি
নুবুটলিবি
নুবুটলিবি ৷
কাৰ কাৰণে সৰি আছে শেৱালি
পাহি
ৰঙা বুকুত নিয়ৰ সাঁচি হাঁহি
হাঁহি
তই নাজান, তই নাজান বাটৰুৱা
সৌৱা পুৱাৰ সোণৰ ৰথত কোন আহে চা,
লাজতে শেৱালি মূৰছি পৰিছে
অ’ বাটৰুৱা, তই দূৰলৈ যা ৷
তই দূৰলৈ যা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment