মোৰ অগ্নিগানৰ জুয়ে
পুৰিব বুলি
আতৰি নাযাবি
তই নুফুলাক উম্ দি ফুলাই
তোৰ, ঠাই বিচাৰি, দিব উলিয়াই
তই, তোক বিচাৰি পাবি
পুৰিব বুলি আঁতৰি নাযাবি ৷
মোৰ অগ্নিস্নানৰ জুয়ে
ছাই নকৰে
সৃষ্টি কৰে
অমল
বিমল সোণ
নীহাৰিকাক উমাই উমাই
সৃষ্টি
কৰে কত তৰা জোন ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment