হে
মোৰ গান !
মোৰ দৰে তোৰ প্ৰাণ আছে
মোৰ দৰে তোৰ স্থান আছে
মোৰ দৰে তোৰ আৰু আছে
জ্বলন্ত অভিমান
হে মোৰ গান !
ভাব আছে তোৰ
ভাষা আছে
আশা আছে
তৃষ্ণা আছে
তেজৰে মোৰ তই শকতিবান
হে মোৰ গান !
মোৰ
জীৱনৰ প্যজাৰ ধূপৰ গন্ধতে তই
অন্ধ হই
তই যে অৱৰুদ্ধ
তই যে সুপ্ৰবুদ্ধ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment