অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মোৰ হিয়াৰ পদুম বনৰ



মোৰ হিয়াৰ পদুম বনৰ আলহী আহাঁ

লাখো কমলৰ ফুলা বেদনাৰে

          তোমাক নিমন্ত্ৰণ

          মোৰ মৌন সুন্দৰ হাঁহা ৷



হাঁহা মোৰ বেদনা বিকশাই

হাঁহা মোৰ প্ৰতিভা মনীষা চমকাই

হাঁহা মোৰ তোমালে মৰমখিনি

          মানুহৰ ঘৰে-ঘৰে

          জগতৰে প্ৰাণে প্ৰাণে

                   উজ্বলাই

তোমালে মোৰ মৰমৰে

          বিশ্বখনকে ওপচাই ৷৷

 

(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: