মোৰ পথাৰৰে
সোণোৱালী
ধান
সেউজীয়া বননিত
শুনো কি নুশুনো
বনৰীয়া গান
মোৰে পথাৰৰে সোণোৱালী ধান ৷
আজি ৰদালিৰ, জিক্মিক্
পোহৰতে
নতুন জীৱনৰ
ফুলিছে প্ৰাণ
মোৰ গাঁৱলীয়া পেঁপাটোত
নতুন সুৰ বাজিছে
নতুন দিঠকৰ জান
মোৰে পথাৰৰে সোণোৱালী ধান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৭/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment