মোৰ কবিতা শুনিবি কোন কোনে ?
শুনিলে
শুনিবি মনে মনে ৷
মোৰ কবিতাত বিজয়ীৰ কথা
দস্যু
বীৰত্বৰ
নাই
কোৱা মহামাৰ
প্ৰাণ
লোৱা অজলাৰ ৷
মোৰ কবিতাৰ
ছন্দত
নাবাজে
মূঢ়
ধনীৰ
ধনৰ
ঝণৎকাৰ
অন্ধ
অহঙ্কাৰ ৷
মোৰ কবিতাত
জাগে
হাঁহাকাৰ
অপ্ৰকাশৰ
মহাবেদনাৰ
মোৰ
কবিতাই ভাঙে কাৰাগাৰ
লঙ্ঘিবলে’
অত্যাচাৰ দুস্তৰ
পাৰাবাৰ ৷
মোৰ
কবিতাই, পুৰণিক ভাঙি
সাজিব খুজিছে
নতুন
দিনৰ
নৱতম
সম্ভাৰ
নৱজীৱনৰ
নৱশস্যৰ সোণোৱালী
উপচাৰ
৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment