মোৰ
গানৰ সতে
সুৰৰ সতে
যি যি ছন্দ যায়
তোৰ
তেজৰ সোঁতত
সঞ্চাৰ জগায়
তাৰ চৰণত সোণৰ জুনুকা নাই ৷
তাৰ
সপোনলে’
সুন্দৰ
নামি
ক’লেহি
নতুন কথা
প্ৰাণত
জাগিলে
সেই
কথা শুনি
বিশ্ব বিয়পা ব্যথা,
সেই বেদনাত উন্মাদ হৈ
ছন্দৰ দলে
দেউধাই হৈ নাচে
চিৰসুন্দৰৰ
নব প্ৰকাশৰ
নব মুদ্ৰাৰে
নতুন চানেকি বাছে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১৬/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment