নিমাতী কইনা
নাহাঁহি মইনা !
ক’ত থৈ আহিলা
চেনেহৰ
মইনা মাত ?
চেনেহৰ মইনা নুবুলি কইনা
চেনেহৰ
মইনা মইনা মাত ৷
দীপ্লিপ্ কুঁৱৰী
কাকে আছা সুঁৱৰি
মাতোঁ মাতোঁ চকুযোৰে
কাকেইবা
চায় !
সোণৰ জাপি পিন্ধি
ফুলাম
ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
হাঁহিটি
মাৰিবহি
বীণখনি
বাই !
ৰূপৰে কুঁৱৰীৰ
মাত ফুটা নাই
আহা ৰূপকোঁৱৰ অ’
আহা
বেগাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment