বৈজ্ঞানিক ছায়াবাদী
মোৰ এই গানবোৰ
কোনে কোনে গাৱ
অতীত বৰ্ত্তমান ভৱিস্যৰ
ই তিনি দিঠকৰ
সানমিহলিৰে ৰচা
মোৰ ই সপোনাৱলী
জানো চিনি পাৱ ?
নীহাৰিকা জীৱনৰপৰা মই
যাত্ৰা কৰিলোঁ যুগান্তৰ
সপোনত মন্ত্ৰ জাৰি
দিঠকলে’ ৰূপ দিয়া
ময়ে খনিকৰ ৷
ময়ো লিখো সোঁৱৰণী
নৱ ভৱিস্যৰ
শিল্পী
মই তিনিও কালৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২৪/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment