সৰগৰ ধেমালি
মৰতত
পাতিবলে’.... কোন কোন
আহিলি ক ?
মাটিৰে কপালত ৰেখা আঁকি ল ৷
মাটিকে শুনিবি সৰগৰ মন্ত্ৰ
মাটিতে
সাজিবি সৰগৰ তন্ত্ৰ
মাটিতে থাপিবি সৰগৰ যন্ত্ৰ
কোন কোন আহিলি ক ?
মাটিৰে কপালত ৰেখা আঁকি ল ৷
ভালকৈ চাবি
মাটিতে সৰ্গ শুই থকা পাবি ৷
মাটিতে সৰগৰ আঁকিবি ছবি
সুন্দৰৰ পযা কৰি
বৈ যোৱা চকুপানী
মুকুতাৰ মালা মোৰ, তাত জানো
তাত জানো
থাপনাত থবি ??
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment