মোৰ সোণৰ গাঁও
তোৰ ধাননি
তোৰ বননি
বৰ ভাল পাওঁ
মোৰে সোণৰ গাঁও ৷
আকাশ জুৰি সোণৰ তৰা
মাটিও সোণতো চৰা
বুকু মৰমৰে ভৰা
তোৰ সোণ হালধীয়া
ফুলা সৰিয়হডৰা
বৰ ভাল পাওঁ
মোৰ
সোণৰ গাঁও ৷
কত যে সোৱাদ ফল
আম লেটেকু পনিয়ল
চেনিচম্পা কল
তোৰ জুৰিটিৰ ফটিকধুনীয়া জল ৷
বৰ ভাল পাওঁ
মোৰ সোণৰ গাঁও ৷
তোৰ বন ফুলনিত বনৰীয়া ফুল
তাত বনজোনাকী উৰে
জিলিক জ্বলাক বনজোনাকী ঘুৰে
এন্ধাৰ বাটত, পোহৰ বিলাই
গাঁও লখিমী ফুৰে ৷
তোৰ ফুলনিৰ বন চিকুনাই থৱ
বকুল বন্দুলী শেৱালি নেৱালি
খৰিকাজাঁই গুটিমালী
তগৰ কেতেকী
চেনিচম্পা
গোন্ধবিৰিঙা ৰোৱ ৷
নিতৌ পুৱা বেলিটো চাই
মন চিকুণাই লৱ
অৰুণ ৰঙা ফোঁটটো পিন্ধি
ন গাভৰু হৱ ৷
তোৰ নামঘৰৰ
ভোৰতালৰ
ৰজন জনিত
সোণপুৱতিৰ
সোণৰ দিনৰ
সোণবাতিৰ গাঁও
তোৰ বননিৰ... সোণ পথাৰৰ
সোণ বাটেৰে
ন পৃথিৱীৰ ন গাঁৱলৈ
আগবাঢ়ি যাওঁ
মোৰে সোণৰ গাঁও
বৰ ভাল পাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; অষ্টমী পূজা, ১০/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment