বনৰ আঁৰত কোনে কান্দি যাৱ
মনৰ আঁৰত কোনে বীণ বাৱ
মোক জানো চিনি পাৱ ?
পাৱতো মোক চিনি
কতবাৰ তই
কত আহি গৈ
মোৰ মৰম গৈছ জিনি
পাৱতো তই, নাপাবি কিয়নো চিনি
?
তোৰ কন্দনা সুৰত
বেদনাৰ কি
নতুন প্ৰকাশ জাগে
তোৰ বীণৰ সুৰত
কোন নতুনৰ
অৰুণ ৰাগী লাগে
জনতা জাগে
আলোক ৰাগে ৰাগে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment