মোৰ শততম গানে
এই অগ্নিযুগৰ বহ্নিমানে
জ্বলাই পোৰাই
ঢৌৱাই উটাই
অন্ধ যুগৰ
বন্ধ কাৰা
নমাই নতুন আলোকধাৰা
প্ৰাণে প্ৰাণে
মোৰ
শততম গানে ৷
মোৰ শততম গানে
জানে
জানে
মনৰ কথা
প্ৰাণৰ ব্যথা
নবীন শতাব্দীৰ
যি আনে
মহাবিপ্লৱৰ বানে বানে ৷
জনজীৱনৰ নৱ বাস্তৱ সপোন
আৱৰণে
যিটি জাগিব
প্ৰচণ্ড বিস্ফোৰণে
ৰূপ লব বুলি কালিৰ
বাস্তৱত
কৈ যায়
এই শিল্পী কবিৰ কাণে কাণে ৷
মোৰ শততম গানে
সেই কথাটি জানে
জানে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment