মোৰ মনে মনে
হিয়াৰ বনে বনে
আন্ধাৰে আন্ধাৰে
কি ফুল ফুলালি,
কোন অগৰুৱে দিলে দীপটি
জ্বলাই
অন্তৰ বাসিনী
অৰূপ গোঁসানী মোৰ
ৰূপ লৈ আহিবিনে
আগলে’ ওলাই
যুগ যুগ সাধনাৰ ফল ফুল উপচাৰ
ধুই বেদনাৰ চকুলোৰে
দিছেহি সজাই
জাগা চিৰসুন্দৰ আই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment