যেতিয়া ফুলিব ফুল
মোৰ ফুলনিত
যেতিয়া বাজিব বাঁহী
দূৰ দূৰণিত
তেতিয়াও, তেতিয়াও,
নহাঁক’য়ে থাক যদি
মোৰ কাষলৈ
ফুল-পাত সৰি গলে
বাঁহীটি বিচুক হলে
তেতিয়া আহিলে তই
মই কম গুচি যাবলৈ ৷
তেতিয়া থাকিম অকলৈ
মাৰ যোৱা সোঁৱৰণি লৈ
ফুলৰ
সুৰৰ
তেতিয়াও আহ যদি
ঘূৰি চাবলৈ
মোক, ভাল পাবলৈ
তোক মাথোঁ দিবলৈ
থাকিব মাথোন মোৰ
কুমলীয়া কলিবোৰ ৷
নুফুলা ফুলৰ
নিলিখা সুৰৰ
পাবি তাতে অনাঘ্ৰাত গন্ধ
তোৰেই মৰমতে অন্ধ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment